Ezekiel 16

1পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, 2হে মনুষ্য সন্তান, তুমি যিৰূচালেমক তাইৰ নিজৰ ঘিণলগীয়া কাৰ্য্যবোৰ বুজুউৱা, আৰু কোৱা, 3প্ৰভূ যিহোৱাই যিৰূচালেমক কৈছে, তোমাৰ উৎপত্তি আৰু জন্মৰ ঠাই কনানীয়াবিলাকৰ দেশ; তোমাৰ বাপেৰা ইমোৰীয়া আৰু তোমাৰ মাৰা হিত্তীয়া আছিল।

4তোমাৰ জন্মবৃত্তান্ত এই, তোমাৰ জন্ম দিনা তোমাৰ নাড়ী কটা নাছিল, বা তোমাক পৰিষ্কাৰ কৰিবলৈ তোমাক পানীত ধুউৱা নাছিল, তোমাক সমূলি লোণ ঘঁহা কি কাপোৰেৰে মেৰোৱা নাছিল। 5তোমাক দয়া কৰি তোমালৈ এইবোৰৰ কোনো এটাকে কৰিবৰ অৰ্থে তোমালৈ কোনেও কৃপাদৃষ্টি নকৰিছিল; কিন্তু তোমাৰ জন্মদিনা, তোমাৰ গা ঘিণলগীয়া হোৱাৰ কাৰণে তোমাক মুকলি পথাৰত পেলাই দিয়া হৈছিল।

6সেই সময়ত মই তোমাৰ ওচৰেদি গৈ তোমাৰ তেজত তোমাক ধৰফৰোৱা দেখি তোমাক কলোঁ যে, যদিও তুমি নিজ তেজত পৰি আছা, তথাপি জীয়াই থাকা, হয়, মই তোমাক কলোঁ, যে, যদিও তুমি নিজ তেজত পৰি আছা, তথাপি জীয়াই থাকা। 7পাছে পথাৰত গজা তৃণৰ নিচিনাকৈ মই তোমাক অধিককৈ বঢ়ালোঁ, আৰু তুমি বাঢ়ি ডাঙৰ-দীঘল হ’লা,আৰু অতি সুন্দৰী হ’লা; তোমাৰ স্তন পূৰ্ণ হ’ল, আৰু কেশ দীৰ্ঘ হ’ল, তথাপি তুমি বিবস্ত্ৰা আৰু উলঙ্গিনী আছিলা।

8তেতিয়া মই তোমাৰ ওচৰেদি গৈ তোমাক দেখিলোঁ, চোৱা, তোমাৰ সময় প্ৰেমৰ সময়; এই নিমিত্তে মই তোমাৰ ওপৰত বস্ত্ৰৰ আঁচল মেলি দি তোমাৰ উলঙ্গতা ঢাকিলোঁ; আৰু প্ৰভূ যিহোৱাই কৈছে মই তোমাৰ আগত শপত কৰি তোমাৰে সৈতে এটি নিয়ম বান্ধিলোঁ, তাতে তুমি মোৰ হ’লা।

9পাছে মই তোমাক পানীৰে ধুলোঁ, এনে কি, তোমাৰ গাৰ পৰা তোমাৰ তেজ সম্পূৰ্ণকৈ ধুই তেল ঘঁহিলোঁ। 10মই তোমাক কাৰচিপি বন কৰা কাপোৰো পিন্ধালোঁ, তোমাৰ ভৰিত তহচ জন্তুৰ ছালৰ জোতা দিলোঁ, তোমাৰ কঁকালত মিহি শণ সূতাৰ টঙালি বান্ধিলোঁ, আৰু তোমাক পাতৰ বস্ত্ৰেৰে বিভূষিত কৰিলোঁ। 11মই তোমাক অলঙ্কাৰেৰেও সঁজালোঁ, তোমাৰ হাতত খাৰু, আৰু ডিঙিত হাৰ দিলোঁ। 12মই তোমাৰ নাকত নথ, কাণত কুণ্ডল, আৰু তোমাৰ মূৰত সুন্দৰ কিৰীটি দিলোঁ।

13এইদৰে সোণ আৰু ৰূপেৰে তোমাক সজোৱা হ’ল; তোমাৰ বস্ত্ৰ মিহি শণ সূতাৰ পাতৰ আৰু কাৰচিপি বন কৰা; তুমি মিহি আটা, মৌ-জোল, আৰু তেল খাইছিলা; তুমি অতি সুন্দৰী হৈ উন্নতি-লাভ কৰি ৰাণী পদ পালা। 14আৰু তোমাৰ সৌন্দৰ্য্যৰ কাৰণে তোমাৰ যশস্যা জাতিবিলাকৰ মাজত ব্যাপিল; কিয়নো প্ৰভূ যিহোৱাই কৈছে, মই তোমাৰ ওপৰত স্থাপন কৰা মোৰ শ্ৰীৰ নিমিত্তে তোমাৰ সৌন্দৰ্য্য সম্পূৰ্ণ হ’ল।।

15কিন্তু তুমি নিজ সৌন্দৰ্য্যত নিৰ্ভৰ কৰি নিজৰ যশস্যাৰ কাৰণে বেশ্যাবৃত্তি ধৰিলা, আৰু প্ৰত্যেক বাটৰুৱাৰ লগত অধিক পৰিমাণে বেশ্যাকৰ্ম্ম কৰিলা; তাৰহে ভোগ হ’ল। 16আৰু তুমি নিজৰ কেইখনমান কাপোৰ ললৈ, তাৰে নিজৰ নিমিত্তে চিত্ৰবিচিত্ৰ ওখ ঠাই কৰি তাৰ ওপৰত বেশ্যাকৰ্ম্ম কৰিলা; এনে কথা হোৱা নাই, আৰু নহ’বও।

17মই তোমাক দিয়া মোৰ সোণ, আৰু ৰূপেৰে কৰা তোমাৰ সুন্দৰ অলঙ্কাৰ তুমি লৈ, তোমাৰ নিমিত্তে তাৰে পুৰুষাকৃতিৰ মুৰ্ত্তি কৰি সেইবোৰে সৈতে বেশ্যাকৰ্ম্ম কৰিলা। 18আৰু তোমাৰ কাৰচিপি বন কৰা কাপোৰ লৈ তাৰে সেইবোৰ ঢাকিলা, আৰু সেইবোৰৰ আগত মোৰ তেল আৰু ধূপ থলা। 19প্ৰভূ যিহোৱাই কৈছে, মই তোমাক দিয়া মোৰ আহাৰ, মই তোমাক খাবলৈ দিয়া মিহি আটা, তেল, আৰু মৌ-জোল তুমি সুঘ্ৰাণৰ অৰ্থে সেইবোৰৰ আগত থলা, আৰু সেইদৰেই হ’ল।

20ইয়াৰ বাহিৰে তুমি মোলৈ জন্মোৱা তোমাৰ ল’ৰা-ছোৱালীবিলাক লৈ, গ্ৰাস কৰিবৰ নিমিত্তে সেইবোৰৰ আগত বলিস্বৰূপে দিলা; তোমাৰ বেশ্যাকৰ্ম্মবোৰ সামান্য বিষয় আছিল নে, 21যে তুমি মোৰ সন্তানবিলাকক বধ কৰিলা, আৰু সেইবোৰৰ উদ্দেশ্যে সিহঁতক জুইৰ মাজেদি গমন কৰাই উৎসৰ্গ কৰিলা? 22তোমাৰ আটাই ঘিণলগীয়া কাৰ্য্যত আৰু বেশ্যাকৰ্ম্মত তুমি আসক্ত থকাত, বিবস্ত্ৰা আৰু উলঙ্গিনী হোৱা আৰু তোমাৰ তেজত ধৰফৰোৱা তোমাৰ সেই যৌৱন কালৰ দিন তুমি সোঁৱৰণ নকৰিলা।

23আৰু তোমাৰ আটাই দুষ্টতাৰ পাছত(প্ৰভূ যিহোৱাই কৈছে, তোমাৰ সন্তাপ হ’ব, তোমাৰ সন্তাপ হ’ব), 24তুমি নিজৰ নিমিত্তে এক বেশ্যালয় সাজিলা, আৰু প্ৰত্যেক চকত নিজৰ নিমিত্তে এডোখৰ ওখ ঠাই কৰিলা।

25তুমি প্ৰত্যেক আলিৰ মূৰত তোমাৰ ওখ ঠাই সাজি তোমাৰ সৌন্দৰ্য্য ঘৃণাৰ বিষয় কৰিলা, প্ৰত্যেক বাটৰুৱালৈ তোমাৰ ভৰি দুখন মেলি দিলা, আৰু তোমাৰ বেশ্যালি অধিককৈ বঢ়ালা। 26তোমাৰ ওচৰ-চুবুৰীয়া স্থুলকায় মিচৰীয়াবিলাকৰ লগতো তুমি বেশ্যাকৰ্ম্ম কৰিলা; আৰু তুমি মোক বেজাৰ দিবলৈ তোমাৰ বেশ্যালি অধিককৈ বঢ়ালা।

27এই হেতুকে চোৱা,মই তোমাৰ ওপৰলৈ মোৰ হাত মেলি তোমাৰ দৈনিক খোৰাক কমালোঁ, আৰু তোমাৰ বেশ্যা চাবৰ নিমিত্তে লাজ পোৱা, তোমাক ঘিণ কৰা পলেষ্টীয়াহঁতৰ জীয়াৰীবোৰৰ ইচ্ছাত তোমাক সমৰ্পণ কৰিলোঁ। 28তুমি তৃপ্ত নোহোৱাত অচূৰীয়াহঁতে সৈতেও বেশ্যাকৰ্ম্ম কৰিও তৃপ্ত নহ’লা। 29তুমি বাণিজ্যদেশ কলদীয়ালৈকে তোমাৰৰ বেশ্যালি বঢ়ালা; তথাপি তুমি তাৰেও তৃপ্ত নহ’লা।

30প্ৰভূ যিহোৱাই কৈছে, তোমাৰ অন্তৰ কেনে কামাতুৰ! কাৰণ তুমি স্বেচ্ছাচাৰিণী বেশ্যা তিৰোতাৰ দৰে এই আটাইবোৰ কাৰ্য্য কৰিছা; 31তুমি প্ৰত্যেক আলিৰ মূৰত তোমাৰ বেশ্যালয় সাজিছা, প্ৰত্যেক চকত তোমাৰ ওখ ঠাই নিৰ্ম্মান কৰিছা, আৰু তুমি বেশ্যা কৰ্ম্মৰ বেচ তুচ্ছ কৰাত বেশ্যাৰ নিচিনা নোহোৱা।

32তুমি ব্যভিচাৰিণী, তোমাৰ পতিৰ সলনি পৰক গ্ৰহণ কৰোঁতা ঘৈণী। 33আটাই বেশ্যাক লোকে ধন দিয়ে; কিন্তু তোমাৰ আটাই প্ৰেমকাৰীক তুমিহে ধন দিয়া, আৰু তোমাৰ লগত বেশ্যাকৰ্ম্ম কৰিবলৈ, চাৰিওফালৰ পৰা তোমাৰ প্ৰেমকাৰীবোৰ আহিবৰ নিমিত্তে সিহঁতক ভেঁটী দিয়া। 34বেশ্যাকৰ্ম্ম কৰিবলৈ কোনেও তোমাৰ পাছে পাছে নাযায়, তোমাৰ বেশ্যাকৰ্ম্মৰ এই কথাত আন তিৰোতাতকৈ তুমি বিপৰীত; তুমি বেচ দিয়া, কিন্তু তোমাক কোনেও বেচ নিদিয়ে, এই দেখি তুমি বিপৰীত।

35এই হেতুকে হে বেশ্যা, যিহোৱাৰ বাক্য শুনা; 36প্ৰভূ যিহোৱাই এই কথা কৈছে, তুমি প্ৰচুৰ পৰিমাণে অশুচি কাৰ্য্য কৰা বাবে, আৰু তোমাৰ প্ৰেমকাৰীবোৰৰ লগত কৰা তোমাৰ বেশ্যাকৰ্ম্মৰ দ্বাৰাই তোমাৰ বিবস্ত্ৰতা প্ৰকাশ পোৱা বাবে, আৰু তোমাৰ ঘিণলগীয়া আটাই মূৰ্ত্তিবোৰৰ, আৰু তুমি সেইবোৰৰ আগত দিয়া তোমাৰ সন্তানবিলাকৰ ৰক্তপাতৰ কাৰণে, চোৱা, 37তুমি যিবোৰৰ লগত আমোদ-প্ৰমোদ কৰিলা, তোমাৰ সেই আটাই প্ৰেমকাৰীক, আৰু তুমি প্ৰেম কৰা ও ঘিণ কৰা আটাইকে মই গোটাম; মই তোমাৰ বিৰুদ্ধে চাৰিওফালৰ পৰাই সিহঁতক গোটাম, আৰু সিহঁতে তোমাৰ সমস্ত বিবস্ত্ৰতা দেখিবলৈ সিহঁতৰ আগত তোমাৰ বিবস্ত্ৰতা প্ৰকাশ কৰিম।

38আৰু সতীত্ব লঙ্ঘন কৰা ও ৰক্তপাত কৰা তিৰোতাক দণ্ড দিয়াৰ দৰে মই তোমাক দণ্ড দিম; মই ক্ৰোধ আৰু অন্তৰ্জ্বালাত তোমাৰ ৰক্তপাত কৰিম। 39মই সিহঁতৰ হাতত তোমাক সমৰ্পণ কৰিম; তাতে সিহঁতে তোমাৰ বেশ্যালয় নষ্ট কৰিব, তোমাৰ ওখ ঠাইবোৰ ভাঙি পেলাব, তোমাক বিবস্ত্ৰা কৰিব, আৰু তোমাৰ সুন্দৰ অলঙ্কাৰবোৰ লৈ যাব; সিহঁতে তোমাক বিবস্ত্ৰা আৰু উলঙ্গিনী কৰি এৰিব।

40সিহঁতে তোমাৰ অহিতে এক সমাজ পাতি তোমাক শিল দলিয়াই মাৰিব, তৰোৱালেৰে ডোখৰ ডোখৰকৈ কাটিব আৰু তোমাৰ ঘৰবোৰ জুই দি পুৰিব, 41এইদৰে অনেক তিৰোতাৰ আগত তোমাক দণ্ড দিব; এইদৰে মই তোমাক বেশ্যাকৰ্ম্ম কৰাৰ পৰা এৰুৱাম, তুমি বেশ্যাৰ বেচ আৰু নিদিবা। 42মই এইদৰে তোমাৰ ওপৰত মোৰ ক্ৰোধ মাৰ নিয়াম; তাতে তোমাৰ পৰা মোৰ অন্তৰ্জ্বালা দূৰ হ’ব, আৰু মই শান্তিৰে থাকিম, পুনৰায় ক্ৰোধ নকৰিম।

43তুমি তোমাৰ যৌৱন কাল মনত নকৰিলা, কিন্তু এই আটাইবোৰ কাৰ্য্যত মোক বেজাৰ দিলা, এই হেতুকে চোৱা, প্ৰভূ যিহোৱাই কৈছে, ময়ো তোমাৰ আচাৰ-ব্যৱহাৰৰ ফল তোমাৰ মূৰত ফলিওৱাম; আৰু তুমি তোমাৰ আটাই ঘিণলগীয়া কাৰ্য্যৰ উপৰিও, এই ব্যভিচাৰ আৰু কৰিবলৈ নাপাবা।

44চোৱা, যোজনা দিয়া প্ৰতিজনে, মাক যেনে জীয়েক তেনে, এই বুলি তোমাৰ বিৰুদ্ধে যোজনা দিব। 45নিজ পতি আৰু নিজ সন্তানক ঘিণ কৰা তোমাৰ মাৰাৰ জীয়েক তুমি; নিজ পতি আৰু নিজ সন্তানক ঘিণ কৰা তোমাৰ ভায়েৰা-ভনীয়েৰাৰ তুমি ভনীয়েক; তোমালোকৰ মাৰা হিত্তীয়া, আৰু তোমালোকৰ বাপেৰা ইমোৰীয়া আছিল।

46তোমাৰ বায়েৰা নিজ জীয়েকহঁতে সৈতে তোমাৰ বাওঁহাতে বাস কৰা চমৰিয়া, আৰু তোমাৰ সোঁহাতে বাস কৰা তোমাৰ ভনীয়েৰা জীয়েকহঁতে সৈতে থকা চদোম।

47তথাপি তুমি সিহঁতৰ আচাৰ-ব্যৱহাৰত যে চলিলা, বা সিহঁতৰ ঘিণলগীয়া কাৰ্য্য অনুসাৰে যে কাৰ্য্য কৰিলা, সেয়ে নহয়; কিন্তু তাক অতি ক্ষুদ্ৰ বুলি ভাবি তোমাৰ আটাই আচাৰ-ব্যৱহাৰত তুমি সিহঁততকৈ অধিক ভ্ৰষ্টা হ’লা। 48প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, তুমি আৰু তোমাৰ জীয়েৰাহঁতে কৰা নিচিনাকৈ তোমাৰ ভনীয়েৰা চদোমে আৰু তাইৰ জীয়েকহঁতে কৰা নাই।

49চোৱা, তোমাৰ ভনীয়েৰা চদোমৰ এই অপৰাধ আছিল, যে, তাইৰ আৰু তাইৰ জীয়েকহঁতৰ অহঙ্কাৰ, আহাৰৰ সম্পূৰ্ণতা আৰু নিশ্চিন্ততাযুক্ত সুখ আছিল; তাই দুখী দৰিদ্ৰৰ হাত সবল নকৰিছিল। 50সিহঁত গৰ্ব্বী আছিল, আৰু সিহঁতে মোৰ আগত ঘিণলগীয়া কাৰ্য্য কৰিছিল; এই হেতুকে মই যি ভাল দেখিলোঁ, তাকে কৰি সিহঁতক দূৰ কৰিলোঁ।

51চমৰিয়াই তোমাৰ পাপৰ আধাও কৰা নাই; কিন্তু তুমি সিহঁততকৈ তোমাৰ ঘিণলগীয়া কাৰ্য্য অধিক বৃদ্ধি কৰিলা, আৰু তুমি কৰা তোমাৰ আটাই ঘিণলগীয়া কাৰ্য্যৰ দ্বাৰাই তোমাৰ বায়েৰা-ভনীয়েৰাক ধাৰ্ম্মিক পাতিলা। 52তুমি নিজৰ বায়েৰা-ভনীয়েৰাৰ নিমিত্তে বিচাৰ নিষ্পত্তি কৰাত তুমিও নিজ অপমান ভোগ কৰা; তুমি সিহঁততকৈ যি অধিক ঘিণলগীয়া পাপ কৰিলা, তোমাৰ সেই পাপবোৰৰ দ্বাৰাই সিহঁত তোমাতকৈ অধিক ধাৰ্ম্মিক হ’ল; এতেকে তুমি নিজৰ বায়েৰা-ভনীয়েৰাক ধাৰ্ম্মিক পতাত নিজেও বিবৰ্ণ হোৱা, আৰু নিজ অপমান ভোগ কৰা।

53আৰু সিহঁতলৈ শান্ত্বনাৰ স্থল হৈ তুমি কৰা আটাই কাৰ্য্যৰ কাৰণে তুমি তোমাৰ অপমান ভোগ কৰি অপমানিত হ’বৰ নিমিত্তে, 54মই সিহঁতৰ বন্দী অৱস্থা অৰ্থাৎ চদোম আৰু তাইৰ জীয়েকহঁতৰ আৰু সিহঁতৰ মাজত থকা তোমাৰ বন্দীবোৰৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম। 55আৰু জীয়েকহঁতে সৈতে চদোম আৰু জীয়েকহঁতে সৈতে চমৰিয়া, তোমাৰ এই দুজনী বায়েৰা-ভনীয়েৰা আগৰ নিজ নিজ অৱস্থালৈ উলটিব; তুমি আৰু তোমাৰ জীয়েৰাহঁতে, তোমালোকৰ আগৰ অৱস্থালৈ উলটিব।

56তোমাৰ গৰ্ব্বৰ দিনা তোমাৰ মুখত তোমাৰ ভনীয়েৰা চদোমৰ নাম নোলাল। 57অৰামৰ জীয়াৰীবোৰে তোমাক অপমান কৰাত আৰু তোমাৰ চাৰিওফালৰ আটাইবোৰে অৰ্থাৎ তোমাৰ চাৰিওফালে তোমাক তুচ্ছজ্ঞান কৰোঁতা পলেষ্টীয়াহঁতৰ জীয়াৰীবোৰে তোমাক অপমান কৰাত যেনেকৈ তোমাৰ দুষ্টতা বৰ্ত্তমানে প্ৰকাশ পাইছে, তেনেকৈ সেই দিনা তোমাৰ দুষ্টতা প্ৰকাশ পোৱা নাছিল। 58যিহোৱাই কৈছে, তুমি নিজ ব্যভিচাৰৰ আৰু ঘিণলগীয়া কাৰ্য্যৰ ফল ভোগ কৰিছা।

59কিয়নো প্ৰভূ যিহোৱাই এই কথা কৈছে, নিয়মটি ভাঙি শপতটো তুচ্ছ কৰা যি তুমি, তুমি কৰা নিচিনাকৈয়ে মই তোমালৈ কাৰ্য্য কৰিছোঁ।

60তথাপি মই তোমাৰ যৌৱনকালত তোমাৰে সৈতে পতা মোৰ নিয়মটি সোঁৱৰণ কৰিম, আৰু তোমাৰ অৰ্থে এটি চিৰস্থায়ী নিয়ম স্থাপন কৰিম। 61আৰু যেতিয়া তুমি নিজৰ বায়েৰা-ভনীয়েৰাক গ্ৰহণ কৰিবা, তেতিয়া তুমি নিজ আচাৰ-ব্যৱহাৰ মনত কৰি লাজ পাবা; আৰু মই সিহঁতক জীয়েৰাস্বৰূপে তোমাক দিম, কিন্তু তোমাৰ লগত কৰা নিয়মটিৰ দ্বাৰাই নহয়।

62আৰু প্ৰভূ যিহোৱাই কৈছে, তুমি কৰা সকলো কাৰ্য্যৰ নিমিত্তে মই তোমাক ক্ষমা কৰা সময়ত, তুমি মনত কৰি বিবৰ্ণ হ’বলৈ, আৰু তুমি লাজ পাই তোমাৰ মুখ পুনৰায় কেতিয়াও নেমেলিবলৈ, মই তোমাৰে সৈতে মোৰ নিয়মটি স্থাপন কৰিম; তাতে, মই যে যিহোৱা, তাক তুমি জানিবা।

63

চিদিকিয়াই শপত লঙ্ঘন কৰা আৰু তাৰ ফল।

Copyright information for AsmULB